Posts
Jetukaar Subaash (জেতুকাৰ সুবাস )
- Get link
- X
- Other Apps
Jetukaar Subaash `বাস্তৱবিহীন এখন কল্পিত জেতুকাবুলিয়া হাতৰ সুবাস আৰু তাৰ সুন্দৰতা, কিন্তু ই হ'ব পাৰে ছায়াস্মৃতি মোৰ শৈশৱৰ। জেতুকাৰ সুবাস মন আকাশ 13/02/23 স্নিগ্ধ কোমল হাতৰ পৰশ লাগি প্ৰাণ পাই উঠা স্মৃতিৰ সুবাস, ভাষা নাই মোৰ কথাৰে ক'বলে দিছো মাথো গুপুত আভাস। হেঙুলী বুলিয়া লিহিৰি আঙুলি ধুনীয়া মোহনীয়া আৰু আলসুৱা, শব্দও নাই মোৰ লিখি বুজাবলে সপোন জীয়াই তোলা আশা পলসুৱা। নিভাঁজ, সুধাময় অবেগ অনুভুতি সুগন্ধই বিয়পোৱা প্ৰেম, সুৰ নাই মোৰ গীতেৰে গাবলে ই নহয় কোনো অলিক ভ্ৰম। শেৱালী সুবাসিত শাৰদীয় আবেগ শ্ৰুতিমধুৰ তোমাৰ গুণ-গুণনি উপমা নাই তোমাক ৰিজাবলে অহৰহ শ্ৰৱনতো নাই আমনি। হঠাৎ পালো যেন সুঘ্ৰাণ জেতুকাৰ অতীতত বিলীন হেঙুলী বুলনি বাস্তৱ...
Monot Aache (মনত আছে)
- Get link
- X
- Other Apps

Monot Aache (মনত আছে) "শৈশৱতে ধেমালিতে তোমাৰে ওমলা মনত আছে" ড০ ভূপেন হাজৰিকা দেৱৰ এক হৃদয় ভেদি যোৱা শব্দৰে সৃষ্ট এটি সুধাময় গীত। প্ৰেমৰ গীত। শুনি থাকিলেও আমনি নালাগে। সুকুমল অথচ গভীৰ কণ্ঠেৰে গোৱা প্ৰথম স্তৱকত ব্যৱহৃদ শাৰীটো মোৰ মনত বাৰে বাৰে ভাহি উঠে "মনত আছে"। কাণত বাজি উঠে "মনত আছে"। সেয়ে লিখিলো- মনত আছে মন আকাশ 26-05-203 শাৰদী ভাৱনা লৈ চঞ্চল মনেদি তোমাক দেখা মোৰ মনত আছে, কুহিপাতৰ কুৱঁলিত চকা-মকা ছাঁয়াৰে তোমাৰ ছবিটি দেখা মনত আছে। প্ৰীতিৰ আকুলিত কুলিৰ বিননিটো তোমাৰ ওঠৰ শৱদ মোৰ মনত আছে, বৰনৈ ভটিয়ায় বালিচৰে ৰিঙিয়ায় তাতো বিৰিঙা তোমাক মনত আছে। নিশাৰ গভীৰতাত কেতেকীৰ...